পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপদ কেতিয়া কোন ফালৰ পৰা

আহে নাজানি।

 এটা কনা হৰিণা পহুয়ে সদাই নদীৰ তীৰত চৰি ফুৰে। নদীৰ ফালৰ পৰা ব্যাধ আহিবৰ আশঙ্কা নাই, এই স্থিৰ কৰি নিশ্চিন্ত হৈ, স্থলৰ ফালে ব্যাধ আহিবৰ ভয়ত সদাই সেই ফালে চাই থাকে। দৈবাৎ এদিন কোনো ব্যাধ নাঁওত উঠি গৈছিল। সি দূৰৈৰ পৰা হৰিণাক চৰি থকা দেখি শৰ ক্ষেপ কৰিলে। হৰিণাই মনে মনে এই ভাবি প্ৰাণত্যাগ কৰিলে “মই যি ফালে বিপদৰ আশঙ্কা কৰি সতৰ্ক হৈ আছিলোঁ সেই ফালে একো ভয় নহল; কিন্তু যি ফালে বিপদৰ আশঙ্কা নহয় ভাবি নিশ্চিন্ত হৈ আছিলো সেই ফালৰ পৰা শত্ৰু আহি মোৰ প্ৰাণ সংহাৰ কৰিলে।”