পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
নীতি কথা।


 এটা কথাত যিমান বেয়া হয়, ইঙ্গিত কৰিলেও তিমান বেয়া হয়।

বল আৰু বুদ্ধি।

 এটা কাউৰী অতি তৃষ্ণাতুৰ হৈ দুৰৈৰ পৰা এটা পানীৰ কলহ দেখি তাত উপস্থিত হলহি। কিন্তু পানী খাবলৈ গৈ দেখে কলহৰ তলিত অলপ পানী আছে সেই পানী খাবৰ নিমিত্তে ব্যগ্ৰ হৈ সি ঠোঁট কলহৰ ভিতৰলৈ সুমালে কিন্তু কোনো মতেই পানী ঢুকি নাপালে। তেতিয়া সি প্ৰথমে কলহ ভাঙ্গিবৰ নিমিত্তে আৰু কলহ লুটিয়াই পেলাই পানী খাবলৈ চেষ্টা কৰিলে। কিন্তু বল অলপ থকাত উভয় চেষ্টাই বিফল হল। অৱশেষত কিছুমান জাবৰ ওচৰতে পাই ক্ৰমে ক্ৰমে কলহৰ ভিতৰত পেলালে। কলহৰ তলিত জাবৰ পৰাত পানী কলহৰ মুখলৈ উঠিল। কাউৰীয়ে ইচ্ছামতে পানী খাই তৃষ্ণা নিবাৰণ কৰিলে।

 বলেৰে যি কাম কৰিব নোৱাৰি-বুদ্ধি, কৌশল আৰু সহিষ্ণুতাৰে তাক কৰিব পাৰি।