পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
ব্যাধ আৰু শিয়াল।


লৰাই সকলোকে এই উপদেশ দি প্ৰাণত্যাগ কৰিলে যে “মিচলিয়া বিলাকে সত্য কলেও কেঁওয়ে তাক বিশ্বাস নকৰে।”

ব্যাধ আৰু শিয়াল।

 এদিন কেতবিলাক ব্যাধ আৰু সিহঁতৰ কুকুৰৰ অনুসন্ধান দেখি এটা শিয়ালে অতি বেগাই গৈ কৃষক এটাৰ ওচৰত উপস্থিত হৈ কলে, “ভাই যদি তুমি কৃপা কৰি মোক আশ্ৰয় দিয়া তেনেহলে মই এইবাৰ পৰিত্ৰাণ পাঁও।” কৃষকে নিজৰ কুটীৰ দেখুয়াই দিলে। শিয়ালে তাত প্ৰবেশ কৰি এটা চুকত লুকাই থাকিল। ব্যাধহঁতো তাত অবিলম্বে উপস্থিত হৈ কৃষকক সুধিলে, “ভাই,এই পিনে এটা শিয়াল আহিছিল, কোন ফালে গল কব পাৰানে?”সি কলে, “মই কব নোৱাঁৰো।” কিন্তু কুটীৰৰ ফালে আঙ্গুলীয়াই দেখুৱালে। সিহঁতে কৃষকৰ সঙ্কেত বুজিব নোৱাৰি তৎক্ষণাৎ তাৰ পৰা গুছি গল।

 ব্যাধহঁত প্ৰস্থান কৰিলে, শিয়াল কুটীৰৰ পৰা বাহিৰ হৈ মনে মনে যাবলৈ ধৰিলে, তাক দেখি কৃষকে ভৎসনা কৰি শিয়ালক কলে “যেই হওক ভাই, তুমি বৰ ভদ্ৰ মই তোমাক বিপদৰ সময়ত আশ্ৰয় দি প্ৰাণ ৰক্ষা কৰিলোঁ কিন্তু তুমি যোৱা সময়তো এটা কথাৰ সম্ভাষণ কৰি নগলা?” শিয়ালে কলে, “ভাই,তুমি কথাত যেনে ভদ্ৰতা কৰিছিলা আঙ্গুলীটোৱে সেইৰূপ ভদ্ৰতা কৰা হলে মই তোমাকে বিদায় নলৈ কেতিয়াও তোমাৰ কুটীৰৰ পৰা নাযাও।