পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
নীতি কথা।


কৰা। মগ্ন যদি তোমাক আকাশত তুলি এৰি দিওঁ, তুমি তৎক্ষণাৎ পৰি প্ৰাণত্যাগ কৰিবা।” কাছই তাৰ কথা শুনি বেজাৰ কৰিলে। তেতিয়া চিলাই হাঁহি হাঁহি কাছক লৈ ওখ স্থানত উঠিল। “তুমি এতিয়া উৰিবলৈ আৰম্ভ কৰা”, এই বুলি তাক এৰি দিলে। এৰি দিয়া মাত্ৰেই কাছ এটা শিলৰ ওপৰত পৰি তাৰ সৰ্ব্ব শৰীৰ চূৰ্ণাকৃত হৈ গল।

মিচা কথা ধেমালীতো কৰা

ভাল নহয়

 এটা গৰখীয়াই এখান পথাৰত গৰু চৰাই আছিল। এই পথাৰৰ ওচৰতে অৰণ্যত বাঘ বাস কৰি আছিল। গৰখীয়াই ধেমালিৰ নিমিত্তে মাজে মাজে বাঘ আহিছে বুলি উচ্চৈঃস্বৰে চিঁয়ৰি থাকে। গাঁওৰ মানুহবিলাকে বাঘ আহিছে শুনি অত্যন্ত ব্যস্ত হৈ তাক সহায় কৰিবৰ নিমিত্তে পথাৰত উপস্থিত হয়। তেতিয়া গৰখীয়া লৰাটীয়ে খিল খিল কৰি হাঁহে। পাছে গাঁওৰ মানুহবিলাকে মিচা বুলি ঘৰলৈ গুছি আহে।

 এইৰূপে কেইবা বাৰো মিচা কৈ থাকোঁতে এদিন বাঘ সঁচাকৈ আহি তাৰ জাঁকৰ গৰু আক্ৰমণ কৰিলেহি। তেতিয়া গৰখীয়া লৰাটীয়ে ভয়ত ব্যাকুল হৈ “বাঘ আহিছে” বুলি চিয়ঁৰি মাতিলে কিন্তু সেই দিনা এজন মানুহো তাৰ সহায়তাৰ নিমিত্তে উপস্থিত নহল। সকলোয়েই ভাবিলে ধূৰ্ত্ত লৰাই সদাই বাঘ আহিছে বুলি মিচাই চিঁয়ৰে। বাঘে ইচ্ছামতে জাঁকৰ গৰু বধ কৰি অৱশেষত লৰাটীৰ প্ৰাণ সংহাৰ কৰি অৰণ্যলৈ গল। নিৰ্ব্বোধ