পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
আশা কৰা টান।


পাম গৈ। এই থিৰ কৰি কিছু দূৰৈলৈ গৈ ভাগৰ লাগি শুলে। টোপনি ভগাৰ পাছত সেই নিৰ্দিষ্ট স্থানলৈ গৈ দেখিলে কাছ আগেয়েই সেই ঠাইত শুই আছে। ইয়াক দেখি শহাই লাজ পালে।

অন্যৰ শক্তি দেখি তাক পাবলৈ

আশা কৰা টান।

 পক্ষীবিলাকে অনায়াসে আকাশত উৰি ফুৰে। তাক দেখি কাছই অত্যন্ত দুঃখিত হৈ মনে মনে বিবেচনা কৰিলে, “যদি এবাৰ কোনো উপায়েৰে আকাশত উঠিব পাৰো তেনেহলে ময়ো স্বচ্ছন্দে উৰি ফুৰিব পাৰিম।” এই স্থিৰ কৰি এটা চিলাৰ ওচৰলৈ গৈ কলে,“যদি তুমি মোক অনুগ্ৰহ কৰি এবাৰ আকাশত তুলি দিয়া তেনেহলে মই সমুদ্ৰৰ গৰ্ভত থকা সমুদায় ৰত্ন তুলি তোমাক দিম। মোৰ আকাশত উৰি ফুৰিবলৈ বড় ইচ্ছা হৈছে।”

 চিলাই এই উপহাসজনক কথা শুনি কলে, “তুমি যি মন কৰিছা সি সিদ্ধি হোৱা অসম্ভব। ভূচৰ জন্তুয়ে কেতিয়াও খেচৰৰ নিচিনাকৈ আকাশত উৰিব নোৱাৰে। তুমি এই আশা পৰিত্যাগ