পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
নীতি কথা।

স্বাধীন হৈ আহাৰৰ ক্লেশ পোৱা সহস্ৰ গুণে ভাল। আৰু মই তোমাৰ লগত না যাও।” এই বুলি বাঘ গুছি গল।


পৰক উপহাস কৰা গৰ্হিত।

 কাছ স্বভাৱতে লাহে লাহে যায়। এই কাৰণে এটা শহা পহুয়ে কোনো এটা কাছক উপহাস কৰিবলৈ ধৰিলে। কিন্তু কাছই হাঁহি হাঁহি কলে, “বাৰু তোৰ ইমান কথাত কায নাই, দিন থিৰ কৰ সেই দিনাই দুইও জনে একেলগে চলিবলৈ আৰম্ভ কৰিম। পৰিমাণ চোৱা যাব নিৰূপিত স্থান কোনে আগেয়ে পাব পাৰে।” শহাই কলে “আন দিনাৰ আবশ্যক নাই, আহাঁ আজিয়েই দেখা হোক কোনে কিমান দূৰৈ যাব পাৰে।”

 এইৰূপে উভয়ে প্ৰতিজ্ঞা কৰি এসময়ত এঠাইৰ পৰা চলিবলৈ আৰম্ভ কৰিলে। কাছই লাহে লাহে যায় হয় কিন্তু চলিবলৈ আৰম্ভ কৰি এক মুহূৰ্ত্ত মাত্ৰও বিশ্ৰাম নকৰি অনায়াসে চলিবলৈ ধৰিলে শহাই অতি বেগাই যাব পাৰে এই কাৰণে মনত থিৰ কৰিলে কাছ যিমানকৈ যাওক বা না যাওক মই আগেয়েই ঠ