পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
নীতি কথা।

ঘোলা কৰিলোঁ। মই জুৰিৰ পাছত পানী খাইছোঁ আপুনি আগত খাইছে পাছৰ পানী আগলৈ উলটি যাব পাৰে নে?”

 বাঘে কলে বাৰু যেই হওক, তই এবছৰৰ পূৰ্ব্বে মোক বিস্তৰ নিন্দা কৰিছিলি, আজি তোৰ সমুচিত প্ৰতিফল দিম।” মেষৰ পোৱালীয়ে কঁপি কঁপি কলে, “আপুনি অন্যায় কথা কৈছে, এবছৰৰ পূৰ্ব্বে মই ওপজাই নাই কেনেকৈ আপোনাক নিন্দা কৰিছিলোঁ, এই কথা কেনেকৈ সঁচা হব পাৰে?” বাঘে উত্তৰ কৰিলে “হয় হয় সেইটে৷ তই নহয় তোৰ বাপেৰেহে মোক নিন্দা কৰিছিল। তই কৰ বা বাপেৰে কৰক একে কথা। আৰু মই তোৰ কোনো কথা নুশুনোঁ।” এই বুলি সি সেই অসহায় মেষৰ প্ৰাণ সংহাৰ কৰিল।

 দুৰাত্মাৰ ছলনাৰ অসদ্ভাব নাই। “মই অপৰাধী নহওঁ” “এনে কৰা অন্যায়” তাক কৈ প্ৰবল জনব অত্যাচাৰৰ পৰা ৰক্ষা পোৱা নাযায়।

———