এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
দুষ্টৰ আগত ন্যায় হাৰে।
কুকুৰ জানি মনে মনে বিবেচনা কৰিলে। এই কুকুৰৰ মুখত যে
মাছ খুতুৰা আছে তাক কাঢ়ি লওঁ তেনেহলে মোৰ দুখুতুৰা
মাছ হব।
এইৰূপে লোভত পড়ি মুখ মেলি অলিক মাছ খুতুৰা ধৰিবলৈ যাওঁতে তেতিয়াই তাৰ মুখৰ মাছ পানীত পৰি সোঁতত উটি গল। তেতিয়া সি হতবুদ্ধি হৈ কিছু সময় স্তব্ধ হৈ ৰ’ল আৰু ভাবোঁতে ভাবোঁতে নদী পাৰ হৈ গল।
যি কল্পিত লোভৰ আশাত যায়, সিহঁতৰো এই দশা হব।
⸻
দুষ্টৰ আগত ন্যায় হাৰে।
এটা বাঘে পৰ্ব্বতৰ জুৰিৰ পানী খাওঁতে দেখিলে, সেই জুৰিৰ কিছু দূৰৈত এটা মেৰছাগৰ পোৱালীয়ে পানী খাইছে। সি সিহঁতক দেখি মনে মনে কলে, ইয়াৰ প্ৰাণ সংহাৰ কৰি আজিৰ আহাৰ শেষ কৰোঁ।
এই বুদ্ধি স্থিৰ কৰি বাঘে সত্বৰ গমনে মেষ পোৱালীৰ ওচৰত উপস্থিত হৈ কলে “অই দুৰাত্মন্! তোৰ ইমান অহঙ্কাৰ যে মই পানী খোৱা দেখিও তই পানী ঘোলা কৰিছ?” মেষে শুনি ভয়ত কঁপি কঁপি কলে, “মহাশয়! মই কেনেকেই আপুনি খোৱা পানী