পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
নীতি কথা।


মোৰ লৰাটীক দংশন কৰিবলৈ অভিলাষ কৰিলি। এতিয়া মই বুজিলোঁ যাৰ যি স্বভাব সি কোনো মতে অন্যথা নহয়। যেই হক তোৰ যেনে কাম তেনে ফল পা।” এই বুলি সেই কৃষকে হাতত থকা কুঠাৰেৰে তাৰ মুৰত এনে প্ৰহাৰ কৰিলে যে একে ঘাপেই তাৰ প্ৰাণত্যাগ হল।

উপস্থিত লাভ এৰি অনুপস্থিত

বস্তুৰ আশা।

 এই কুকুৰে এখুতুৰা মাছ মুখত লৈ নদী পাৰ হৈছিল। নদীৰ নিৰ্ম্মল জলত তাৰ যি প্ৰতিবিম্ব পৰিছিল সেই প্ৰতিবিম্বক আন