পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
দুষ্টৰ মিত্ৰ নাই।


কলে “প্ৰভো, বিনা অপৰাধত মোক এনে কৰা উচিত নহয়। মনত কৰি চাওক চোন যিমান দিন মোৰ বলবুদ্ধি আছিল প্ৰাণপণে আপোনাৰ সেৱা সুশ্ৰূষা কৰিছিলোঁ। এতিয়া বুঢ়া হৈ নিৰ্ব্বলী হোৱাত আপোনাৰ উপকাৰ কৰিব পৰা নাই। মোক আৰু এনে কথা কোৱা উচিত নহয়।”

দুষ্টৰ মিত্ৰ নাই।

 শীত কালৰ শীতত এটা কৃষকে ৰাতিপুৱাই পথাৰত বন কৰিবলৈ যাঁওতে এটা সাপ হিমে ঢাকি মৃত্যু প্ৰায় হৈ বাটৰ কোষৰতে পৰি থকা দেখিলে। তাৰ অন্তৰত দয়া উপজিল। তেতিয়াই সাপটো তাৰ পৰা তুলিলৈ ঘৰলৈ আমি জুইত সেঁকি কিছুমান আহাৰ পানী দি তাক ভাল কৰিলে। সাপ সজীব হৈ পুনৰায় আপোনাৰ স্বভাব ধৰি কৃষকৰ সন্তানক সন্মুখত পাই দংশন কৰিবলৈ ইচ্ছ৷ কৰিলে।

 কৃষকে দেখি অতি ক্ৰুদ্ধ হৈ সাপক সম্বোধন কৰি কলে “অই ক্ৰুৰ তই অতি কৃতঘ্ন। তোৰ প্ৰাণ নষ্ট হোৱা দেখি দয়া কৰি মই তোক ঘৰলৈ আনি প্ৰাণ ৰক্ষা কৰিলোঁ, তই সকলো গুণ পাহৰি