পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
নীতি কথা।


 যাৰ যি অৱস্থা সি যদি তাতেই সন্তুষ্ট থাকে তেনে হলে তাক কোনেও অপদাৰ্থ অপদাৰ্থ আৰু অপমানিত নকৰে।

পূৰ্ব্বে কৰা উপকাৰ পাহৰা

অনুচিত।

 এজন মানুহৰ এটা অতি চোকা শিকাৰী কুকুৰ আছিল। সি যেতিয়া শিকাৰ কৰিবলৈ যায় কুকুৰটী লগতে থাকে। এই কুকুৰৰ অনেক বল আৰু সাহস আছিল। শিকাৰৰ সময়ত কোনো জন্তুক দেখুৱাই দিলে সেই জন্তুক এনেকৈ কামোৰ মাৰি ধৰে যে সি আৰু পলাব নোৱাৰে। এইৰূপে তাৰ যিমান দিন বল বুদ্ধি কৌশল আছিল, আপোন প্ৰভুৰ অনেক উপকাৰ কৰিছিল।

 কালক্ৰমে এই কুকুৰ বুঢ়া হৈ অতি নিৰ্ব্বলী হল।সেই সময়ত তাৰ প্ৰভুয়ে এদিন লগত শিকাৰ কৰিবলৈ নিলে। এটা গাহৰি তাৰ সন্মুখৰ পৰা পলাই যোৱা দেখি শিকাৰী জনে ইঙ্গিত কৰোঁতেই কুকুৰ প্ৰাণপণে লৰি গৈ গাহৰিৰ ডিঙ্গিত কামোৰ মাৰি ধৰিলে। গাহৰিয়ে অনায়াসেই তাৰ মুখৰ পৰা এৰাই গল।

 শিকাৰী জনে ক্ৰোধত অন্ধ হৈ কুকুৰক অনেক প্ৰকাৰ গালি শপনি আৰু প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া কুকুৰে