পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্বভাব গোপন কৰা টান।

 এঠাইত কিছুমান ময়ূৰৰ পাখি পৰি আছিল। এটা কাউৰিয়ে দেখি মনে মনে বিবেচনা কৰিলে, যদি ময়ূৰৰ পাখি বিলাক নিজৰ পাখিত খুৱাই লও তেনেহলে মই ময়ূৰৰ নিচিনা সুশ্ৰী হম! এই ভাবি সি ময়ূৰৰ পাখি বিলাক আপোনাৰ পাখিত লগাইলৈ কাউৰি বিলাকৰ ওচৰলৈগৈ কলে, “তহঁত অতি নীচ আৰু কুশ্ৰী, আৰু ম‍ই তহঁতৰ লগত নাথাকোঁ।” এই বুলি অনেক উপহাস কৰি ময়ূৰৰ লগ ললেগৈ। ময়ূৰ বিলাকে তাক দেখা পাইয়েই কাউৰী বুলি জানি সকলোয়ে মিলি তাৰ পাখিৰ পৰা এটা এটাকৈ ময়ূৰৰ পাখি তুলিলৈ তাক নিতান্ত অপদাৰ্থ জ্ঞান কৰি ইমানকৈ খুটিয়ালে যে কাউৰী বিচেষ্টা হৈ পলাই গল। অনন্তৰ সি পুনৰায় জ্ঞাতি বিলাকৰ সঙ্গ ললে। তেতিয়া সকলো কাউৰী বিলাকে তাক উপহাস কৰিলে “অই নিৰ্ব্বোধ, তই ময়ূৰৰ পাখি পাই অহঙ্কাৰত বলিয়া হৈ আমালোকক ঘৃণা কৰি অনেক প্ৰকাৰ গালি সপনি পাৰি গৈছিলি, তাত অপদাৰ্থ হৈ আকৌ আমাৰ লগলৈ আহিছ। তই অতি নিলাজ।” এইৰূপে অনেক লাজ ধিকাৰ কৰি কাউৰীক খেদিলে।