পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
নীতি কথা।


ছিল। সি ভয়ত ব্যাকুল হৈও সিংহক মাৰিব এটা উপায় চিন্তা কৰি কৰি লাহে লাহে গৈ আছে। ইফালে সিংহৰ ভোজনৰ পৰ অতীত হোৱা দেখি খঙ্গত জ্বলিব লাগিছে আৰু গৰ্জিব লাগিছে। সি কব লাগিছে কালিলৈ পুৱাই অৰণ্যত পশু শূন্য কৰিম। এনে সময়ত সেই পহুটী তাৰ ওচৰ পাই তাক প্ৰণাম কৰি আগত থিয় হল। সিংহই তাক এনেই পলম কৈ অহা তাতে তাক কিছু ক্ষীণ দেখি আৰু খঙ্গ উঠিল। তাক অনেক তিৰষ্কাৰ কৰি কলে, “অই শশকাধম! তই এনেই ক্ষুদ্ৰাকাৰ তাতে আকৌ ইমান পলমকৈ আহিছ।এতেকে তোৰ অপৰাধত তোক আগে মাৰি খাই পুৱালৈ সমুদায় বন প্ৰাণীশূন্য কৰিম।”

 সিংহৰ কথা শুনি শহাটোয়ে বিনয়ভাৱে কলে “প্ৰভু এই বিষয়ত মোৰ দোষ নাই আৰু অন্য জন্তু বিলাকৰো দোষ নাই, তাৰ কাৰণ শুনক। আজি সকলো জন্তুয়ে মোৰ পাল জানি মোক পঠাই দিছিল আৰু মোৰ শৰীৰ ক্ষীণ দেখি আৰু চাইটা পহু মোৰ লগত পঠাইছিল। আমি পাঁচোটা আহোতে বাটত এটা সিংহক লগ পালোঁ। সি সুধিলে “তোমালোক কলৈ যোৱা। তাতে আমি কলো, “অৰণ্যাধিপতি ভাসুৰক, সিংহৰ আহাৰ নিমিত্তে যাও”। তাতে সি কলে বোলে “এই বনৰ ৰজা মই সি ভাসুৰক চোৰ। সি যদি এই বনৰ অধিকাৰী হয়, তেন্তে তহঁতৰ চাইটা ইয়াতে থাওক এটাইগৈ তাক মাতি আন। আমি দুটাৰ ভিতৰত যিটোয়েই বলত জিকো সেইটোয়েই এই অৰণ্যৰ ৰজা হব আৰু এই পশু বিলাককে৷ খাব।” তাতে মই আপোনাক জনাবলৈ আহিছোঁ। ভাসুৰকে এই কথা শুনি তাক কলে “যদি