পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
দুষ্টৰ মিত্ৰতা।


এই এই হয় তেন্তে বল মোক সেই সিংহক দেখুৱাই দেগৈ। মই পশু বিলাকৰ ওপৰত যি খঙ্গ কৰিছিলো সেই খঙ্গ তাৰ ওপৰেতে মাৰ নিয়াম।” শহাই কলে “প্ৰভো আহক। এই বুলি সিংহক আগত লৈ গৈ বনৰ মাজৰ এটা নাদ দেখুৱাই দিলে। আৰু কলে “প্ৰভো, আপোনাৰ পৰাক্ৰম কোনে সহিব পাৰে। সেই চোৰ সিংহই আপোনাক দূৰৈত দেখি তাৰ নিজৰ গাঁতত সোমাল, আহক চোন মই দেখুৱাই দিওঁ।” পাছে সেই নিৰ্ব্বোধ সিংহে কূপৰ তললৈ চাই তাৰ নিজৰ প্ৰতিবিম্বটোকে দেখি অন্য সিংহ হেন ভাবি গৰ্জ্জিবলৈ ধৰিলে। আৰু কূপৰ পৰা সেই গৰ্জ্জন শব্দৰ প্ৰতিধ্বনি হোৱাত অন্য সিংহই গৰ্জন কৰিছে বুলি জানি সি সেই কূপত জাপ মাৰি পৰিল ও তাতে প্ৰাণত্যাগ কৰিলে। তেতিয়াৰে পৰা সকলো পশু নিশ্চিন্ত মনে বাস কৰিবলৈ ধৰিলে।

দুষ্টৰ মিত্ৰতা।

 এদিন এটা বাঘৰ ডিঙ্গিত হাৰ এডোখৰ লাগি আছিল। বাঘে বিস্তৰ চেষ্টা কৰিও হাৰ বাহিৰ কৰিব নোৱাৰি যাতনাত