পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সিংহ আৰু শহাৰ উপাখ্যান।

 কোনো এখন বনত ভাসুৰক নামে এটা সিংহ বাস কৰিছিল। সি সদাই বহুত পশু বিনাশ কৰে। পাছে এদিন বনৰ সকলো পশু একত্ৰিত হৈ সেই সিংহৰ ওচৰলৈ গৈ কলে। “মহাৰাজ! আপুনি ইমান পশু বিনাশ কৰাৰ ফল কি, এটা পশু হলেই আপোনাৰ যথেষ্ট হয়। এতেকে আপুনি আমাৰে এই কথা বান্ধি লক আমি সদাই আপোনাৰ ভোজনৰ নিমিত্তে এটী পশু পঠাই থাকিম। তাত আপোনাৰো উপকাৰ হব আমাৰো একো অপকাৰ নহয়।” তাতে ভাসুৰকে সম্মত হৈ কল “যদি কোনো দিনা মোৰ ভোজনৰ সময়ত পশু নাপাঁও তেন্তে নিশ্চয় জানিবা মই সেই দিনাই অৰণ্যৰ সমুদায় পশু বিনাশ কৰিম।” ইয়াতে “তথাস্তু” বুলি সকলোৱে নিজ নিজ ঘৰলৈ আহিল।

 তাৰ ভোজনৰ নিমিত্তে সদাই, বুঢ়া, শোকাকুল, বৈৰাগ্যযুক্ত, নতুবা পুত্ৰ কন্যাৰ মৃত্যুৰ ভয়ত আকুল এনে এটী এটী পশু ভোজনৰ সময়ত উপস্থিত হয়। এদিন এটা পহুৰ পাল পড়ি ছিল। তাৰ যাবৰ ইচ্ছা নাছিল তথাপি সকলো জন্তুয়ে বলেৰে পঠাই-