পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
শহা আৰু হস্তীৰ উপাখ্যান।


কোন; সি কলে, “বিজয়দত্ত নামক শশক, চন্দ্ৰমণ্ডলত বাস কৰোঁ। এতিয়া ভগবান চন্দ্ৰই তোমাৰ ওচৰলৈ দূত কৰি মোক পঠাইছে। আপুনি জানেই সত্যবাদী দূতৰ দোষ গ্ৰাহ্য নহয়। কাৰণ দূতেই ৰজা সকলৰ মুখ।” এই কথা শুনি গজে কলে “শশক! ভগবান চন্দ্ৰৰ কি আদেশ কোৱা। আমি শীঘ্ৰে তাক সম্পাদন কৰিম।” সি কলে ভগবান চন্দ্ৰই কইছে যে গল কালি তুমি যূথৰ সহিত আহি তেওঁৰ পৰিগৃহীত শশক বিলাক বিনাশ কৰিলা। তাতে তেঁও অনুমতি কৰিছে যে যদি তোমালোকৰ প্ৰাণৰ ভয় আছে তেন্তে ইয়াৰ পৰা দূৰৈলৈ যোৱা। নতুবা সকলোটীকে বিনাশ কৰিব।

 হস্তীৰাজে সেই কথা শুনি কিছুমান পৰ স্থিৰভাবে থাকি কলে। “ভদ্ৰ! যথাৰ্থ ই মই ভগবান চন্দ্ৰৰ অপকাৰ কৰিলো। এতিয়া মই তেঁওৰ লগত বিৰোধ নকৰো। আৰু তেওঁ কত আছে মোক দেখুৱাই দিয়া মই তেঁওক প্ৰসন্ন কৰি অন্য ঠাইলৈ প্ৰস্থান কৰোঁ।” শশকে কলে “আপুনি অকলে আহক তেহে তেঁওক দেখুৱাব পাৰোঁ।” তেঁও সুধিলে “তেঁও এতিয়া কত আছে।” শশকে কলে, “তেঁও এতিয়া এই হ্ৰদতে আছে। কষ্টভোগী শশক বিলাকক সান্তনা কৰিবলৈ আহিছে আৰু মোক আপোনাৰ ওচৰলৈ পঠাই দিছে। এতিয়া আপুনি আহক মই তেঁওৰ লগত দেখা কৰাই দিওঁ গৈ।”

 এই বুলি তাক লগত লৈ সৰোবৰৰ তীৰত ৰাখি পানীৰ মাজৰ চন্দ্ৰৰ ছাঁটী দেখুৱাই দিলে। এই আমালোকৰ প্ৰভু জলৰ মাজত ধ্যান কৰি আছে, তুমি হাই উৰুমি নকৰি প্ৰণাম কৰি শীঘ্ৰে পলাই যোৱা। নহলে ধ্যান ভাঙ্গিলে অকৌ