পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
নীতি কথা।


কিছুমান মৰিল। কিছু মানৰ ঠেঙ্গ হাত ভাঙ্গি আধামৰা হল।

 পাছে সিহঁত সকলোটী শহাই একত্ৰিত হৈ মন্ত্ৰণা কৰিলে, কেনেকৈ এই হাতীবিলাকক ইয়াৰ পৰা দূৰৈ কৰা যায়। ইহঁতক ইয়াৰ পৰা দূৰৈ নকৰিলে আমি সকলোটী ইহঁতৰ খচকাত মৰিব লাগিব। তাতে কেইজন মানে ক’লে যে “আমি এই সৰোবৰ পৰিত্যাগ কৰি যাও।” কেইজন মানে কলে বোলে “নহয় আমি পিতৃপিতামহৰ ঠাই পৰিত্যাগ নকৰো। অতএব সিহঁতক ভয় দেখুৱা যাওক যাতে সিহঁতে এই ঠাই পৰিত্যাগ কৰে।” এই বুলি মন্ত্ৰণা স্থিৰ কৰিলে যে “আমাৰ বিজয়দন্ত নামে এটী শহা চন্দ্ৰমণ্ডলত বাস কৰে। তেওঁ তোমালোকক এই হ্ৰদত থাকিবলৈ নিষেধ কৰিছে।” এই বুলি কবলৈ এজন দূত্ পঠোৱা যাওক। এই কথা স্থিৰ কৰি চতুৰ লম্বকৰ্ণ নামে এটী শহাক সেই কথা যূথাধিপতিক কবৰ নিমিত্তে সিহতে পঠাই দিলে। সিগৈ দেখিলে গজাধিপতিয়ে সকলো হাতীৰ দ্বাৰাই পৰিবেষ্টিতহৈ সেই সৰোবৰত স্নান কৰিবৰ নিমিত্তে আহিছে। সি দেখি ভাবিলে, “যদি এই কথা সিহঁতৰ সন্মুখা সম্মুখী হৈ কঁও কিজানি সিহঁতে খঙ্গ উঠি মোক মাৰি পেলায়, এতেকে এনে এডাখৰ ঠাইত থাকি কঁও যাতে সিহতে সেই ঠাইলৈ যাব নোৱাৰে।” এই ভাবি সি সিহঁতৰ অগম্য অতি উচ্চ এডোখৰ ঠাইত উঠি সেই গজাধিপতিক সম্বোধন কৰি কলে, “হে গজ! তুমি কিয় আনন্দ মনে নিৰ্ভৰ চিত্তেৰে পৰৰ হ্ৰদলৈ আহিছা; ৰবা, নানামিবা।”

 এই কথা শুনি গজাধিপতিয়ে আশ্চৰ্য্য হৈ সুধিলে, “তুমি