পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
শহা আৰু হস্তীৰ উপাখ্যান।


শহা আৰু হস্তীৰ উপাখ্যান।

 কোনো এখন বনত চতুৰ্দ্দন্ত নামে যূথাধিপতি মহা গজ বাস কৰিছিল। সেই বনত কিছু দিনৰ পৰা অনাবৃষ্টি হোৱাত হ্ৰদ সৰোবৰ ইত্যাদিৰ পানী শুকাই গৈছিল। পাছে সকলো হস্তীয়ে গজাধিপতিক ক’লে “দেব! জলাভাবে সকলো হাতীয়ে মহা কষ্ট ভোগ কৰিব লাগিছে এতেকে যি ঠাইত পানী আছে এনে এখান অৰণ্যলৈ যাব লাগিব।” সেই কথা শুনি গজাধিপতিয়ে চাৰিও ফালে পানী অন্বেষণ কৰিবৰ নিমিত্তে কেইটা মান অনুচৰ পঠাই দিলে।

 যিটী অনুচৰ পূৰ ফালে গৈছিল সি নানা প্ৰকাৰ হংস সাৰসাদি পক্ষীৰ দ্বাৰাই সুশোভিত চন্দ্ৰসৰ নামে এখান হ্ৰদ দেখা পালে। সেই হ্ৰদ দেখা পাই আহি গজাধিপতিক কলেহি “দেব! এডোখৰ নিৰ্জ্জন ঠাইত এটী সৰোবৰ আছে।” তাকে শুনি ৰজাই সকলোকে অনুমতি দিয়াত সকলো হাতী সেই হ্ৰদলৈ গৈ ইচ্ছা মতে জলপান কৰি তাত স্নান কৰিছিল ও আনন্দে কেই দিনমান তাতে বাস কৰিছিল। সেই হ্ৰদৰ চাৰিও ফালে কিছুমান শহা পহুৰ গাঁত আছিল। হাতীবিলাক ইতস্ততঃ ভ্ৰমণ কৰোতে সেই গাঁত বিলাক ভাঙ্গি শহা বিলাক