পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
নীতি কথা।


টকা ধৰ্ম্ম বুদ্ধিয়েই নিছে।” বাপেকে সেই কথাতে সম্মত হই অৰণ্যৰ সমিধ গছৰ ভিতৰত সোমাই আছিল।

 পিছদিনা ৰাতি পুৱাই ৰজাই পাপবুদ্ধিক আৰু ধৰ্ম্মবুদ্ধিক লগত লৈ অৰণ্যৰ সেই সমিধ গছৰ ওচৰলৈ গৈই উচ্চৈঃস্বৰে কলে “হে বনদেবতা এই দুজনৰ ভিতৰত কোন চোৰ তুমি প্ৰকাশ কৰি কোৱা।” পাছে সমিধ গছৰ ভিতৰৰ পৰা পাপ বুদ্ধিৰ বাপেকে কলে, ‘এই ধন ধৰ্ম্মবুদ্ধিয়ে চুৰ কৰিছে।’ তাতে সকলোতে বিস্ময় হল। পাছে ধৰ্ম্মবুদ্ধিৰ খঙ্গ উঠি সেই সমিধ গছৰ চাৰিও ফালে জুই লগাই দিলে। যেতিয়াই জুই জ্বলি উঠিল পাপবুদ্ধিৰ বাপেক আধাপোৰা হৈ কান্দি কান্দি বাহিৰ ওলাল। তেতিয়া সকলোয়ে সুধিলে ইকি? তাতে তেওঁ কলে মই পাপবুদ্ধিৰ বাপেক। সকলো কাৰ্য্য পাপবুদ্ধিৰ দ্বাৰাই হৈছে বুলি কৈ মৰি গল। পাছত সেই পাপবুদ্ধিক ৰজ্জুৰে গছৰ ওপৰত লম্বমান কৰিলত ধৰ্ম্মবুদ্ধিক প্ৰশংসা কৰোতে কৰোতে সি কলে পৰৰ অনিষ্ট চিন্তা কৰিলে নিজৰ অৰ্নিষ্ট হয়—যি কৰে পৰক “সি মিলে ঘৰত।” ইয়াৰ পাছত পাপবুদ্ধিয়ে নিজৰ পাপবুদ্ধিলৈ স্মৰণ কৰি প্ৰাণত্যাগ কৰিলে।