পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
ধৰ্ম্মবুদ্ধি আৰু পাপ বুদ্ধিৰ উপাখ্যান।


পাপবুদ্ধিৰ এই কথা শুনি ধৰ্ম্মবুদ্ধিয়ে কলে। “তেন্তে তাকে কৰা হক।” এই বুলি কিছু টকা সেই অৰণ্যতে থৈ বাকী টকা দুইও জনে ভাগ কৰিলৈ গ’ল।

 কিছু দিনৰ পাছত পাপবুদ্ধিয়ে অৰণ্যলৈ গৈ সেই টকাখিনি ধৰ্ম্মবুদ্ধিয়ে নজনাকৈ লৈ গল। আন এদিন ধৰ্ম্মবুদ্ধিক কলে, “বন্ধো! আমাৰ মিতিৰ কুটুমে ধন অভাবে মহা কষ্ট পাইছে এতেকে বলা তাৰ পৰা কিছু টকা আনো গৈ।” এই বুলি দুইও জন অৰণ্যলৈ গৈ টকা নাপাই, পাপবুদ্ধিয়ে নিজৰ কপালতে হাত চপৰিয়াই কলে। “ধৰ্ম্মবুদ্ধি, এই ধন তুমিয়ে নিছা অন্য কোনেও নিয়া নাই। এতিয়া আধা টকা মোক দিয়া নহলে ৰজাৰ আগত গোচৰ কৰিম।” ধৰ্ম্মবুদ্ধিয়ে কলে “অই পাপি; এনে কথা আৰু মোক নকবি। মই ধৰ্ম্মবুদ্ধি, মই কেতিয়াও ধন চুৰ নকৰোঁ।” এইৰূপে দুইজনে বিবাদ কৰি ৰজাৰ ওচৰলৈ গল। ৰজাই বিচাৰ কৰি পাপবুদ্ধিক শপত খাবলৈ দিলে। পাপবুদ্ধিয়ে শপত নাখাই আপত্তি কৰিলে যে এই বিচাৰ ভাল হোৱা নাই। মই বনদেবতাক সাক্ষী দিব পাৰো, তেওঁয়েই কব পাৰিব আমাৰ দুটাৰ ভিতৰত কোন চোৰ। তাতে ৰজাই সম্মতহৈ তাক কলে, কালিলৈ ৰাতি পুৱাই তই সেই বনলৈ ওলাবি। পাছে পাপবুদ্ধি ঘৰলৈগৈ বাপেকক কলে, “পিতা, সেই টকা চুৰ কৰাৰ বাবে কালিলৈ পুৱাই ৰজা, বিচাৰ কৰিবলৈ অৰণ্যলৈ যাব এতেকে তুমি ৰাতি গৈ তাত এজোপা সমিধ গছ আছে সেই গছৰ ভিতৰত এ কোটৰ আছে, তাতে সোমাই থাকিবা। ৰজাই গৈ বনদেবতাক সম্বোধন কৰি সুধিব তাতে তুমি কবা যে এই .