পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
নীতি কথা।


কিয়নো আমালোকে সৰুৰে পৰা একেলগে ডাঙ্গৰ দীঘল হৈছোঁ এতেকে তেঁও আমাৰ অৰ্জ্জা ধনৰ ভাগী হক। এই ৰূপে কথা কৈ যাওতে বনৰ ভিতৰত এজনে মৰা সিংহৰ হাৰ দেখি কলে, “আগেয়ে পঢ়া বিদ্যাৰ পৰীক্ষা কৰা হক। এটা মৰা জন্তু আছে আহা আমালোকৰ বিদ্যাৰ বলত ইয়াক জীয়াও।” এজনে কলে, “মই হাৰ যোড়াব পাৰোঁ।” আৰু এজনে কলে, “মই চাল মাংস তেজ দিব পাৰোঁ।” এই দৰে কথা বাৰ্ত্তা কৈ থাকি এজনে হাৰ জোড়াই দিলে। দ্বিতীয় জনে সেই হাৰ বিলাকত চাল তেজ মাংস লগাই দিলে। তৃতীয় জনে জীয়াবলৈ উপযোগ কৰোঁতে বুদ্ধিমান জনে নিষেধ কৰি কলে, “এইটো সিংহ যদি ইয়াক জীয়াই দিয়া তেনেহলে এই সিংহটোয়ে আমাৰ কেইওজনক বিনাশ কৰিব।”

 এই কথা শুনি সেই জন্তুক জীৱ দান নকৰি তেঁও বিলাক সকলোটী আন ঠাইলৈ গল।


বগলি আৰু কেঁকোৰাৰ উপাখ্যান।

কোনো এখন সৰোবৰত এটা বগলি আছিল। সি বৃদ্ধ হোৱাৰ কাৰণে মাছ মাৰিবলৈ অক্ষম হোৱাত এদিন ভোকত অস্থিৰ হৈ কান্দি কান্দি সৰোবৰৰ তীৰত বহি আছিল। এটা কেকোঁৰাই তাৰ দুখ দেখি অনেক জল জন্তুৰে সৈতে আহি তাক সম্বোধন কৰি কলে, “মোমাই! আজি তুমি কি কাৰণে আহাৰ নিবিচাৰি