পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুদ্ধিৰ বল।


কিন্তু সি নিজে তাৰ আপোনাৰ ঠেঙ্গ দুটা দেখি লাজত তললৈ মুখ কৰে। তত্ৰাপি মানুহে তাৰ সেই কদৰ্য্য ঠেঙ্গলৈ দৃষ্টিপাত নকৰি সুন্দৰ পাখিলৈহে চায়। এই দৰে সিংহই শিয়ালৰ চাতুৰি বাঞ্ছা কৰে, শিয়ালে আকৌ সিংহৰ বল আৰু সাহ পাবলৈ ইচ্ছা কৰে। সংসাৰৰ মোহিনী মায়াত এই প্ৰাণী সকলে আপোন আপোন পদ আৰু মৰ্য্যাদাক তুচ্ছ জ্ঞান কৰি অন্যৰ জ্ঞান আৰু মৰ্য্যাদাক সলাগ লয়। এতেকে এই মায়াত যি মোহিত নহৈ থাকিব পাৰিব তেঁওৰহে জীবন সাৰ্থক।


বুদ্ধিৰ বল।

 কোনো এখন নগৰত চাৰিটী ব্ৰাহ্মণৰ পুত্ৰ আছিল। তেঁওলোকৰ ভিতৰত তিনিজন সকলো শাস্ত্ৰতে পাৰ্গত কিন্তু বুদ্ধিহীন, এজন শাস্ত্ৰত মূৰ্খ কিন্তু বুদ্ধিমান আছিল। কোনো এদিন তেঁওলোক চাৰিওজন গোট খাই মন্ত্ৰণা কৰিলে,বিদ্যাৰ :কি গুণ যদি বিদেশলৈ গৈ ধন উপাৰ্জ্জন কৰোঁ তেহে জানিম। এতিয়া সকলোটী বিদেশলৈ যাঁও বলা। এই মন্ত্ৰণা কৰি তেঁও লোক ঘৰৰ পৰা বাহিৰ হল। কিছু পথগৈ তেঁও লোকৰ ডাঙ্গৰ জনে কলে,“আমাৰ ভিতৰৰ এজন মূৰ্খ কিন্তু বুদ্ধিমান। বিদ্যা নহলে বুদ্ধিৰে ধন আৰ্জিব পাৰেনে? আমি অৰ্জ্জা ধনৰ ভাগ ইয়াক নিদিও ই ঘৰলৈ উভতি যাওক।” তেঁও কোৱাৰ পাছত দ্বিতীয় জনে কলে, “হেৰা সুবুদ্ধিমন্ত বিদ্যাহীন তুমি ঘৰলৈ উলটি যোৱা।” তৃতীয় জনে কলে, “তাক এনে কৰা উচিত নহয়,