পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
বগলি আৰু কেকোঁৰাৰ উপাখ্যান।


কান্দি আছা?” সি কলে “বাপা তুমি ভাল অনুমান কৰিছা। কিন্তু মোৰ আজি বিশেষ এটী কথা শুনি আহাৰ বিচাৰো চাৰি মনৰ বেজাৰত অস্থিৰ হৈ আছোঁ।” কেকোঁৰাই কলে "মোমাই, কি কথাত নো ইমান বেজাৰ লাগিছে?” তাতে বগলিয়ে উত্তৰ কৰিলে “বাপা, মই আজি এটী গণকৰ মুখে শুনিবলৈ পালোঁ বোলে ইয়াত আৰু ১২ বাৰ বছৰলৈ বৰষুণ নহয়। তাতে মই জানিব পাৰিছোঁ আৰু ১২ বাৰ বছৰ বৰষুণ নহলে এই সৰোবৰৰ পানী শুকাই সকলো জন্তু মৰিব। এই বিলাকৰ লগত মই সৰুৰে পৰা ডাঙ্গৰ দীঘল হলোঁ। এতিয়া এঁও লোকৰ মৰণ দেখা মোৰ পক্ষে বৰ টান, সেই কাৰণে মোৰ মনত বেজাৰ লাগিছে ও কান্দিছোঁ।” কেকোঁৰাই সেই কথা শুনি সকলো জলজন্তু বিলাকক কলে, সিহঁতে সেই কথা শুনা মাত্ৰে এটাইবিলাক আহি বগলিক কলেহি, “মোমাই, ইয়াৰ কোনো উপায় আছেনে; কেনেকেই আমাৰ প্ৰাণ ৰক্ষা পাঁও; তেতিয়া সি সিহঁতক কলে, “এই সৰোবৰৰ কিছু দূৰৈত অন্য এখান ডাঙ্গৰ সৰোবৰ আছে। ১০০ বছৰ বৰষুণ নহলেও পানী নুশুকায়। যদি তোমালোকে তালৈ যাব খোজা তেন্তে মই সকলোকে পিঠিত তুলি নি সেই সৰোবৰত থবগৈ পাৰোঁ। এতেকে যদি যাব খোজা তেন্তে কোৱা মই তাত থৈ আহোঁ গৈ।” দুষ্ট বগলিৰ সেই কথা শুনি সকলো জলজন্তুয়ে মোমাই, ককাই, ভাই ইত্যাদি সম্বোধন কৰি তেঁওক বেৰি ধৰি আগেয়ে মোক নে, আগেয়ে মোক নে বুলি ব্যস্ত হৈ চীৎকাৰ কৰিবলৈ ধৰিলে।

 দুষ্ট বকে সিহঁতক ক্ৰমে ক্ৰমে এটী দুটাকৈ নি সেই জলাসয়ৰ কিছু দুৰৈত এটা পৰ্ব্বতৰ ওপৰত এছাৰি এছাৰি