পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নীতি কথা।


যে তেঁও বিলাকৰ অন্তঃকৰণত এফেৰিও সুখ নাই। অতিশয় আকুল আৰু ব্যথিত।

 মনুষ্যৰ দুখ শোক অনুতাপ আদি বাহিৰৰ সুদৃশ্য লক্ষণ আৰু বাক্যৰ দ্বাৰাই ঢকা থাকে। এই সকল প্ৰভেদ দৰ্পণত দেখিবলৈ পাই নিদ্ৰা ভঙ্গ হৈ উঠি সেই বিদ্বানে ঈশ্বৰক স্তুতি আৰু ধন্যবাদ কৰি কবলৈ ধৰিলে। “হে প্ৰভো! তুমি মোক ৰক্ষা কৰিলা। যাক মই নিলগৰ পৰা বাহ্য দৃষ্টিত সুখী দেখিছিলোঁ মই যে সেইবিলাকৰ নিচিনা হোৱা নাই ইয়াতে মই আপোনাক ধন্য মানিছোঁ। এতিয়াৰ পৰা কাৰো লগত নিজৰ অৱস্থা আৰু ভাগ্যৰ তুলনা কৰি সলাবলৈ মন নেমেলো। এই দৰে বিদ্বানে প্ৰত্যেক পদৰ মনুষ্য সকলৰ মন দেখি লজ্জিত আৰু বিস্ময়াপন্ন হৈ আপোনাক সুখী জ্ঞান কৰি নিৰুদ্বিগ্ন চিত্তেৰে কালযাপন কৰিবলৈ ধৰিলে।

 সুখ বাহ্য লক্ষণে ধনে বা ঐশ্বৰ্য্যে নহয়। কেৱল মনৰ সুখেহে সুখ। বিদ্বানে যেনেকৈ এই কাল্পনিক দৰ্পণেৰে অন্যৰ মন পৰীক্ষা কৰি আত্ম সুখ দেখিবলৈ পালে সেই দৰেই জ্ঞানী সকলেও জ্ঞান দৰ্পণেৰে পৰৰ মন দেখিলে আপোনাৰ পদ আৰু অৱস্থা ভাল বুলিব আৰু কাৰো হিংস৷ নকৰে আৰু কাৰো নিচিনা হবলৈ বাঞ্ছা নকৰে, কিয়নো ৰোগ শোক মৃত্যুৰ অধিকাৰ আৰু বিষয় চিন্তা সকলোৰে ওপৰত আছে। হেন জানি ৰাজপুত্ৰে বিচিত্ৰ অট্টালিকাৰ ওপৰত থাকি যেনে সুখ ভোগ কৰে ভগা বহাৰ তলত থাকি কৃষক বিলাকেও তাতকৈ অধিক সুখ ভোগ কৰিব পাৰে। মানুহে মানুহৰ দৃশ্য ঐশ্বৰ্য্য দেখি অকাৰণে হিংসাত অধৈৰ্য্য হয়। কিন্তু সিহঁতৰ মন কি দুখত দুখী তাক কোনেও নাজানে আৰু নুবুজে। ময়ূৰৰ সুবৰ্ণময় বিচিত্ৰ পাখি দেখি সকলোয়ে প্ৰশংসা কৰে