পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সুখৰ মূল।


কিন্তু ৰজাৰ আগত শিয়ালতকৈও ভয়াতুৰ আৰু চোৰতকৈও শঙ্কিত। কোনোয়েবা মান বঢ়াবৰ কাৰণ বিশ্বস্ত কাৰ্য্যত বিশ্বাসঘাতক কৰি আৰু ৰজাৰ ধন অপব্যয় কৰি শেষত কাৰাৰুদ্ধ হৈছে। কোনোয়েবা সেইদৰে নাম আৰু মান বঢ়াই দুষ্কৰ্ম্ম বিলাকলৈ মনত পৰি অনুতাপ কৰিছে। এই দৰেই ৰাজসভাতো কাকো সুখী নেদেখি সেই বিদ্বানে এনেকুৱা সংসাৰ সুখতকৈ উদাসীন হৈ থকাই ভাল ইয়াকে স্থিৰ কৰিলে। তথাপি মনক প্ৰবোধ দিয়াব নোৱাৰি আকৌ এখান বিবাহৰ সভাত উপস্থিত হল গৈ। সেই সমাজত দেখিলে যে মানুহ বিলাক নানা বৰ্ণৰ বস্ত্ৰালঙ্কাৰাদি দ্বাৰাই বিভূষিত হৈ বিবাহৰ উৎসবত মগ্ন। নানা প্ৰকাৰ গান বাদ্য আদিও হব লাগিছে। সভাদেখি বিদ্বানৰ এনে বিবেচনা হল যে আনন্দৰ প্ৰতিমূৰ্ত্তি আহি যেন তাত বিৰাজমান হৈছেহি। কিন্তু মনোদৰ্শক দৰ্পণেৰে চাই দেখিবলৈ পালে যে সেই মানুহ বিলাক বাহিৰে দেখোঁতে যেনে আনন্দময় ভিতৰে তেনে নহয়। বাহিৰে ৰং চং “ভিতৰে কোৱাভাতুৰি”। কোনোয়েবা অপত্যৰ অভাবত, কোনোয়েবা অপত্যৰ শোকত, কোনোয়েবা সৰহলৰা চোৱালী পুহিব নোৱাৰা দুখত, কোনোয়েবা বিবাহৰ সম্বন্ধত, কোনোয়েবা বিৰহানলত, কোনোয়েবা পুত্ৰকন্যাৰ বিবাহ চিন্তাত, কোনোয়েবা সেই সকল নাশৰ ভয়ত, কোনোয়েবা কুলৰ অভাবত কাতৰ, কোনোয়েবা কুলমান জাতি ৰক্ষাৰ নিমিত্তে প্ৰবঞ্চনা আদিত জড়িত হৈ স্বজাতীয় লোক সকলেৰে ব্যবহাৰ কৰিবলৈ ঘৃণা প্ৰকাশ কৰিছে। কিন্তু ইপিনে তেঁও বিলাকৰ গাত আৰু পৰিবাৰৰ ভিতৰ গুপুতে এনে কদাকাৰ নীচ অশুচি আৰু বিজাতীয় ব্যবহাৰ চলিব লাগিছে