পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নীতি কথা।


নিদ্ৰাদেবী আহি তেঁওক নিদ্ৰাভিভূত কৰিলে। নিদ্ৰাৱস্থাত তেঁও সপ্নত দেখিলে যে এজন মহাপুৰুষে আহি তেঁওৰ হাতত এখান আৰ্চি দিলেহি। আৰু কলে যে এই দৰ্পণৰ দ্বাৰা তোমাৰ সকলো দুখ দূৰ হব। কিয়নো এই খান আৰ্চিৰে অন্যৰ মন দেখিব পাৰি। এতেকে এই আৰ্চিৰে তুমি প্ৰথমে পৰৰ মন চাই লোৱা। তেতিয়া আকৌ যদি তোমাৰ মন যায় সেই লোকৰ নিচিনা হব পাৰিবা। সেই বিদ্বান মানুহ জনে সেই আৰ্চিখনি হৃষ্টান্তকৰণে বিনয়াবনত হৈ তেঁওৰ পৰা লৈ আলিবাটলৈ ওলাই গল। আলিবাটত নানা প্ৰকাৰৰ মানুহ অহা যোৱা কৰিব লাগিছে। কোনোয়ে হাতীত, কোনোয়ে বা ঘোৰাত, কোনোয়ে বা নিজ প্ৰণয়িণীক লগত লৈ সুগন্ধি তৈল চন্দনাদি আৰু বস্ত্ৰ অলঙ্কাৰাদি দ্বাৰাই বিভূষিত হৈ ঘোৰাৰ গাৰীত,কোনোয়ে বা দোলাত, কোনোয়ে বা লগত অনেক পাৰিষদ লৈ গা ঘেলাই যাব লাগিছে। এই দৰে সকলো মানুহক বাহ্যদৃষ্টিত সুখী যেন দেখি তেঁও মন দৰ্শক দৰ্পণেৰে চাই পঠিয়ালে। তেতিয়া দেখিবলৈ পালে যে কলহ কলঙ্ক, বিকাৰ,বিৰহ, ৰোগ, শোক, মিত্ৰাদিৰ বিচ্ছেদ, লোভ, ক্ষোভ, হিংসা, ঈৰ্ষা ইত্যাদি বিষয়াধীন হোৱাত কাৰো মন কোনোমতে সুখী নহয়।

 পাছে সেই পণ্ডিতে এই বিলাক দেখি শুনি ৰাজসভাত গৈ উপস্থিত হল। তাতো বাহিৰে দেখাত সকলো সুখী কিন্তু মনোদৰ্শন দৰ্পণেৰে চালত দেখিলে যে কোনোয়ে ৰজাৰ ভয়ত ত্ৰস্তমান, কোনোয়ে মানৰ ভয়ত শঙ্কিত, কোনোয়ে ৰজাৰ অগোচৰত প্ৰজা বিলাকৰ ওপৰত সিংহ গৰ্জ্জন কৰিব লাগিছে।