পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সুখৰ মূল।


সিংহীক কলে, “মই কি কাৰণে সিহঁততকৈ বলে, বুদ্ধিয়ে,কৌশলে কম যে ইহঁতে মোক উপহাস কৰে; বাৰু, তেনেহলে মই সিহতক অবশ্যে নাশ কৰিম। এই কথা শুনি সিংহীনীয়ে মনে মনে হাঁহি হাঁহি কলে, “বাপা, তুমি ৰূপে গুণে বলে বুদ্ধিয়ে সিহঁততকৈ পাৰ্গত হয়, কিন্তু তুমি সেই কুলত জন্মা নাই,তোমাৰ শিয়াল কুলত জন্ম। তোমাক মই দয়া কৰি ইমান দিন পুহি পালি ডাঙ্গৰ দীঘল কৰিলোঁ। মোৰ লৰাহঁতে শিয়ালীৰ সন্তান বুলি নাজানোতেই তুমি স্বজাতি বিলাকৰ লগ লোৱা। নহলে ইহতে জানিব পাৰিলে তোমাক বিনাশ কৰিব। সি সেই কথা শুনি বধৰ আশঙ্কা কৰি তাৰ জ্ঞাতি শিয়ালৰ সঙ্গ ললে।


সুখৰ মূল।

 ধন ৰত্ন আদি ঐশ্বৰ্য্যৰ পৰা মানুহৰ সুখ নহয়, কেৱল মনৰ সুখেহে সুখ। এজন মানুহে নানা শাস্ত্ৰ অধ্যয়ন কৰি বৰ জ্ঞানী হৈছিল। তেঁও সদাই বিদ্যা চৰ্চ্চাত নিমগ্ন আছিল। তথাপি তেঁওৰ মনত সুখ নাছিল। তেঁও সদাই বিষাদিত হৈ থাকে, কিয়নো তেঁও ভাবিছিল যে তেঁওৰ সমান দুখীয়া মানুহ আৰু পৃথিবীত নাই। তেঁওয়েই এই পৃথিবীত এক মাত্ৰ দুখীয়া। এই দৰে বেজাৰ অসন্তোষতে অনেক দিন অতিবাহিত কৰি এদিন তেঁও তেঁওৰ অৱস্থা অন্যান্য মানুহৰ অৱস্থাৰে তুলনা কৰি চাই, সকলোকে সুখী, কেৱল আপোনাকেহে অসুখী দেখি ভাবি চিন্তি শুবলৈ গল। সৰ্ব্বসন্তাপনাশিনী