সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
নীতি-শিক্ষা

নালাগে। সময়ৰ লগে লগে শ্ৰম কৰি গৈ থাকিলেহে মানুহৰ কাম সিদ্ধ হয়। শ্ৰম নকৰিলে সময় অথলে যায়। এক মিনিট্ সময় অথলে গলে তাক লাখ লাখ টকা দিও পাবলৈ নাই। এতেকে, তুমি কেতিয়াও শ্ৰম নকৰাকৈ সময় নেখেদাবাঁ।

⸺:✱:⸺

খেতিয়কৰ উপদেশ।

 আগৰ দিনত ৰংপুৰ চহৰৰ মেটেকা নামে গাৱঁত ধনপুৰ নামেৰে এজন বৰ চহকী আৰু ডাঙ্গৰ মানুহ আছিল। তেওঁৰ