জ্ঞান আৰ্জিবলৈকো শ্ৰম কৰা উচিত। কিয়নো, জ্ঞান নোহোৱা মানুহ গৰু-পহুৰ নিচিনা। গৰু-পহুক মানুহে যেনেকৈ বল কৰে, অজ্ঞানীকো জ্ঞানীয়ে তেনেকৈ বল কৰে। সেই জ্ঞান আৰ্জিবলৈ লিখা-পঢ়া লাগে। আৰু, লিখা পঢ়া শিকিবলৈ শ্ৰম কৰিব লাগে। সৰুৰেপৰা যি লৰাই শ্ৰম কৰি লিখা-পঢ়া শিকে, সি আগলৈ জ্ঞানী মানুহ হৈ আনৰপৰা মান পায়।
বহিখোৱা মানুহক এলেহুৱা বোলে। এলেহুৱাৰ কেতিয়াও উদ্গতি নাই। সিহঁত সদায় ৰুগীয়া। সিহঁতৰ মনত আচল সুখ নাই। বাহিৰে বহি-খোৱাক সুখীয়া যেন দেখি হয়, কিন্তু “ভিতৰি সিহঁতৰ সমান দুখীয়া নাই। কিয়নো, দুখ নকৰাকৈ পোৱা সুখত সোৱাদ নাই! আৰু, এলেহুৱা মানুহক অকামিলা বুলি সকলোৱে নিন্দা কৰে। এতেকে, তুমি কোনো কামলৈকে এলাহ নকৰিবাঁ।
শ্ৰম কৰি সৰুৰপৰা ডাঙ্গৰ হব পাৰি। তুমি যিমান ডাঙ্গৰ মানুহৰ নাম শুনিছাঁ, সেই সকলোবিলাক শ্ৰমৰ বলত হে ডাঙ্গৰ হৈছে। এই পৃথিবীত শ্ৰম নকৰাকৈ কোনো ডাঙ্গৰ হব পৰা নাই। শ্ৰমৰ বলত দুখীয়াও চহকী হব পাৰে। সৰুতে দুখত উঠা চহকী মানুহ বহুত দেখিবলৈ পাবাঁ। এতেকে, আগলৈ চহকী আৰু ডাঙ্গৰ মানুহ হবলৈ মন থাকিলে তুমি এতিয়াৰেপৰা শ্ৰম কৰিবলৈ শিকিবাঁ।
সময় ৰৈ নাথাকে। সেই কাৰণে মানুহো বহি থাকিব