পথাৰত ধান নদন-বদন। তিনটা ভঁড়াল মুঠি-ধানেৰে মেতমৰা। তেওঁৰ বাৰীখনো বৰ বহল। পাণ-তামোল, আম-কঁঠাল, কল- কুঁহিয়াৰ, লেটেকু-পনীয়ল, নেমু, চকলা, ৰেবাব, জৰা, সুম্থিৰা
এইবোৰ শস্যেৰে বাৰীখন ভৰপুৰ। আলু-কচু, জলকীয়া-বেঙ্গেনা, শাক-পাচলি এইবোৰ বতৰৰ শস্যেৰে বাৰীখন শুৱনী। ইয়াত বাজেও, ধনপুৰৰ খাত-পাম আছিল। তাত তেওঁ মাহ, সৰিয়হ আৰু গোম্ধানৰ খেতি কৰে। এইবোৰ খেতিৰ উৎপনেৰেই ধনপুৰ বৰ চহকী। গাওঁখনৰ ভিতৰত তেওঁৰ ওচৰত হাত নপতা মানুহ নাই। কিন্তু তেওঁ হলে কূটা এগছৰ নিমিত্তেও কাৰো ওচৰত হাত নাপাতিছিল। ই কেৱল তেওঁৰ পৰিশ্ৰমৰ ফল।
ধনপুৰ বুঢ়া হল। তেওঁৰ মৰণ ওচৰ চাপিল। পিচে, এনে সময়ত তেওঁ এদিন পুতেকহঁতক চপাই লৈ এই দৰে উপদেশ দিলে;–“বোপাহঁত! মোৰ ঘৰ-বাৰী, খেতি-পথাৰ আৰু খাত- পামৰ বলতে মই চহকী বোলাই খালোঁ। মোৰ দিন গল। এতিয়া সেই সম্পত্তি মই তোমালোকক গতালোঁ। তোমালোকে যেন তাৰ উৎপন্ মোত্কৈও বঢ়াবাঁ। আৰু, চাবাঁ যাতে সেই সম্পত্তি আনৰ হাতলৈ নাযায়। কিয়নো, সেই খেতি-সম্পত্তিত বাজে মই যি ধন-সম্পত্তি আৰ্জিছিলোঁ সি মোৰ বাৰী, পথাৰ, খাত আৰু পামৰ মাটিৰ এমুঠনৰ তলতে আছে।”
এই উপদেশ দি ধনপুৰ ঢুকাল। পুতেকহঁতে ভাবিলে যে, বাপেকে ওপৰত কোৱা কোনো এঠাইত বহুত ধন-বস্তু পুতি থৈ গৈছে। এই ভাবি সিহঁতে গোটেই বাৰী, পথাৰ,