সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
নীতি-শিক্ষা


তুমি হয়তো শ্ৰম নকৰাকৈও ভাত, কাপোৰ আৰু ঘৰ পাইছাঁ। সেই বাবে তুমি এনে নাভাবিবাঁ যে, শ্ৰম নকৰাকৈয়ে তাক সদায় পাব পাৰি। কিয়নো, তাৰ নিমিত্তে তুমি শ্ৰম কৰা নাই। যদিও, তোমাৰ পৰিয়ালৰ আন মানুহে কৰিছে। ডাঙ্গৰ হলে তুমিও সেই শ্ৰম কৰিব লাগিব।

 ভাত, কাপোৰ আৰু ঘৰ নোহোৱাকৈও কোনো কোনো মানুহৰ দিন গৈছে। সেইবিলাক মানুহে গছৰ গুটী আৰু মাছ-মঙ্গহ খাই, আৰু গছৰ তলত শুই জীৱন ধৰে। সেইবিলাক মানুহক অসভ্য বোলা যায়। নগা, ডফলা, আবৰ, মিৰি এইবিলাক জাতিৰ ভিতৰত আজিকালিও তেনে মানুহ আছে। কিন্তু, সিহঁতৰ দুভাগটি খোৱা, পিন্ধা আৰু থকাৰ দুখতে মৰে। সেই কাৰণে, অসভ্য জাতিৰ ভিতৰত মানুহৰ লেখ নিচেই তাকৰ।

 যি যিমান শ্ৰম কৰে, সি সিমান সুখত থাকিবলৈ পায়। বেচিকৈ শ্ৰম কৰিলে বেচিকৈ আৰ্জিব পাৰি। আৰ্জোন বেচি হলেই মানুহ চহকী হয়। আৰু, চহকী মানুহৰ সদায় সুখত দিন যায়। এতেকে, তুমি সদায় শ্ৰম কৰিবাঁ। এতিয়াৰেপৰা অভ্যাস কৰিলেহে আগলৈ তুমি পৰিশ্ৰমী হৈ সুখত থাকিব পাৰিবাঁ।

 শ্ৰমে ৰোগ গুচায়। শ্ৰম কৰিলে গা ভালে থাকে। আৰু, গা ভালেই হে সকলো ভাল। গা ভালে থাকিলেহে ৰং ধেমালি কৰিবৰো মন যায়। কিন্তু, শ্ৰম নকৰা মানুহৰ ৰোগ নুগুচে। আৰু, ৰুগীয়া মানুহৰ মনত সুখ নাথাকে।