সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
প্ৰভুভক্ত ঢেকুৰা।

তলতীয়া লোকে যদি ওপৰুৱালই,
ৰাখে এনে প্ৰীতি-ভক্তি কপট নলই;
ওপৰৰ জনে যদি ঘুৰি সেই দৰে,
তলৰ লোকৰ প্ৰতি প্ৰীতি-স্নেহ কৰে,—


তেনেহলে মানুহৰ ক্ৰোধ বিৰকতি,
ইটিৰ সিটিৰ প্ৰতি হিংসাকুৰ মতি,
আৰু যত সংসাৰৰ অশান্তি অসুখ,
আঁতৰি ধৰাতে হব স্বৰ্গৰ সুখ।

৪। আধ্যা।

⸺:○:⸺

শ্ৰম।

 পৃথিবীত জীৱন ধৰিবলৈ মানুহক যিহকে লাগে তাকে পোৱা যায়। খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ, থাকিবলৈ ঘৰ সকলো পোৱা যায়। কিন্তু, তাৰ নিমিত্তে শ্ৰম কৰিব লাগে। ভাতৰ নিমিত্তে খেতি কৰিব লাগে। পিন্ধিবৰ নিমিত্তে কাপোৰ বব লাগে। থাকিবৰ নিমিত্তে ঘৰ সাজি লব লাগে। ইয়াৰ নিমিত্তে যি দুখ কৰা যায়, তাকে শ্ৰম বোলে। কিন্তু,