সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
লগুৱাৰ ধৰম।


 শ্ৰীকৃষ্ণৰপৰা অৰ্জ্জুণে যি দৰে সহায় পাইছিল, অৰ্জ্জুণৰপৰাও শ্ৰীকৃষ্ণই সেই দৰে উপকাৰ পাইছিল। অনেক সময়ত ইজনে সিজনৰ পৰামৰ্শ লৈ আপদৰপৰা ৰক্ষা পাইছিল। মুঠতে, এনে মিত্ৰ, এনে সখি জগতৰ আৰ্হিৰ যোগ্য। তুমি সদায় এনে আৰ্হি আগত লৈ চলিবাঁ।

লগুৱাৰ ধৰম।

⸺:✱:⸺

 ইউৰোপ মহাদেশৰ ভিতৰত অস্ত্ৰিয়া দেশৰ ৰাজধানী ভায়েনা নগৰত পদত্স্কি‌ নামে এজন জমিদাৰ আছিল। তেওঁ ১৭৭৬ খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত ক্ৰকৌ নগৰলৈ ঘোঁৰাৰ বাগীত উঠি যাত্ৰা কৰিছিল। লগত তেওঁৰ ভাৰ্য্যাও গৈছিল। আৰু, বিশ্বাসী লগুৱা এটা বাগীৰ পিচে-পিচে ঘোঁৰাত উঠি গৈছিল।

 বাটতে কাৰ্পেথিয়ান পৰ্ব্বত। তাত অলেখ বাঘ থাকে। জাৰকালিৰ বাঘ বৰ চোকা। পিচে, গুহাৰপৰা এজাক বাঘে জমিদাৰৰ বাগী আৰু ঘোঁৰা দেখা পাই তাৰ পিচে পিচে খেদিবলৈ ধৰিলে। বাঘৰ খেদা খাই জমিদাৰে পাৰেমানে বেগাই বাগী চলাবলৈ ধৰিলে, আৰু ঘোঁৰায়ো প্ৰাণকাতৰে চেকুৰিলে।