একেটাকৈ জোঁটাই সিবিলাকক কৃষ্ণাৰ্জ্জুণ বোলা হয়। সিবিলাক দুয়ো পৰম মিত্ৰ। এনে মিত্ৰ জগতত অতি বিৰল।
কুৰুক্ষেত্ৰৰ ৰণৰ কথা তুমি অৱশ্যে শুনিছাঁ। সেই ৰণ কৌৰৱ আৰু পাণ্ডৱ নামেৰে একেটা বংশৰে দুটা ঠালৰ কুটুম্বৰ মাজত লাগিছিল। কৌৰৱৰ ফালে দুৰ্য্যোধনকে আদি কৰি সিবিলাকৰ এশ ভাই-ককাই; আৰু পাণ্ডৱৰ ফালে যুধিষ্ঠিৰ, ভীম, অৰ্জ্জুণ, নকুল আৰু সহদেৱ এই পাঁচ ভাই-ককাই। কুৰু ৰজাৰ বংশধৰ পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ। পাচত, পাণ্ডুৰ পৰিয়ালেৰে পাণ্ডৱ আৰু ধৃতৰাষ্ট্ৰৰ পৰিয়ালেৰে কৌৰৱ নামে দুটা ফৈদ হয়! পিতৃ-ৰাজ্যৰ ভাগ লৈ এই দুই ফৈদৰ মাজত কন্দল লাগে। আৰু, সেয়ে কুৰুক্ষেত্ৰৰ ৰণৰ মূল কাৰণ মহাভাৰতত এই মহাৰণৰ বিষয়ে বহুলকৈ লিখা আছে।
শ্ৰীকৃষ্ণ এজন বিচক্ষণীয়া বুদ্ধিৰ পুৰুষ। ৰাজনীতিৰ জ্ঞানত তেওঁৰ তুলনা নাই। ৰণৰ কৌশলতো তেওঁক কোনেও লগ নাপাইছিল। এইবিলাক গুণত কেৱল অৰ্জ্জুণ হে তেওঁৰ সমনীয়া আছিল। সেই কাৰণে অৰ্জ্জুণৰ লগত তেওঁৰ বৰ মিল আছিল। আৰু, সেই কাৰণেই তেওঁ ৰণত পাণ্ডৱৰ ফলিয়া হৈ অৰ্জ্জুণক সহায় কৰিছিল। আন কি সেই ৰণত শ্ৰীকৃষ্ণ অৰ্জ্জুণৰ ৰথৰ সাৰথি হৈছিল। স্বৰূপ কথা কবলৈ হলে, কৃষ্ণ আৰু অৰ্জ্জুণৰ মাজত সদ্ভাৱ থকাৰ কাৰণেই কুৰুক্ষেত্ৰৰ ৰণত পাণ্ডৱৰ জয় হয়।