এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
সখি।
সখি
⸻○⸻
অৰ্জ্জুণ। শ্ৰীকৃষ্ণ।
শ্ৰীকৃষ্ণ আৰু অৰ্জ্জুণ দুয়ো সখি। দুয়ো সমনীয়া। বয়সত দুয়ো সমান। বুদ্ধিত দুয়ো সমান। জ্ঞানত দুয়ো সমান। আৰু, বলতো দুয়ো সমান। সকলোপিনে সমান কাৰণেই দুইৰো মনৰ বৰ মিল। দুইৰো ভিতৰত ভিন্ ভাব নাই। সকলোৱে দুইকো এক যেন ভাবে। আন কি, দুইৰো নাম