সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
গুৰুজন, মান্যৱন্ত লোক, সমনীয়া আৰু তলতীয়া মানুহ ৷

অতিকই সৰু বুলি,  পৰুৱাক ভৰিধুলি,
 জ্ঞানীজনে নকৰে কাচিত;
ঈশ্বৰে সৃজিছে প্ৰাণী,  তেৱেঁ হে গৰাকী জানি,
 কাৰো কেৱেঁ নিচিন্তে অহিত।


এতেকতে হেৰা লৰা,  সজ উপদেশ ধৰাঁ,
 নবধিবাঁ পৰুৱা এটিক;
থাকিলে তোমাৰ জ্ঞান,  সৰু বুলি তাৰো প্ৰাণ,
 আছে হেৰা জানিবাঁ সঠিক।

৩। আধ্যা।

⸻:○:⸻

গুৰুজন, মান্যৱন্ত লোক, সমনীয়া আৰু
তলতীয়া মানুহ।

 পিতৃ-মাতৃ তোমাৰ আদিগুৰু। সিবিলাকৰপৰাই তুমি জন্ম পাইছাঁ। সিবিলাকৰ যত্নতে তুমি ডাঙ্গৰ-দীঘল হৈছাঁ। আৰু, সিবিলাক জীয়াই থাকেমানে তুমি সিবিলাকৰ মৰম আৰু আদৰ পাই থাকিবাঁ। এতেকে, তুমি আটাইত্কৈ‌ আগকৈ সিবিলাকক মান্য কৰিবাঁ।