সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
নীতি-শিক্ষা

এনে কু-কাম আৰু নকৰোঁ বুলি সি শপত খালে। সঁচাকৈয়ে সেই দিনাৰপৰা লাহে লাহে নিধিৰামে আটাইবোৰ কু-কাম এৰি আহিলে; আৰু পাচত তেওঁ এটি বৰ সজ লৰা হৈ উঠিল।

⸻

পৰুৱা।

সৰু সৰু পৰুৱাই,  লালী পাতি আগুৱায়,
 কিবা অৰ্থে ফুৰে সি লৱৰি?
অহা আহে যোৱা যায়,  এফেৰিকো নিজিৰায়,
 সাধোঁতে আপোন কাম ফেৰি!

✱

যদিবা অকণি প্ৰাণ,  অকণি যদিবা জ্ঞান,
 আছে তাৰো উদ্দেশ্য অকণি;
সামান্য পৰুৱা হই,  ঈশ্বৰৰ আজ্ঞা লই,
 সাধে তাক একোকে নগণি।

✱

গজহস্তী বালিচাহী,  সৰু-বৰ কত প্ৰাণী,
 পৃথিবীত ধৰিছে জীৱন;
সকলোৰে আপোনাৰ,  জীৱনত অধিকাৰ,
 একেদৰে আছে দেহ-মন।

✱