সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
নীতি-শিক্ষা


 ওজাদেৱ তোমাৰ শিক্ষা-গুৰু। তেওঁৰ শিকনিতে তুমি জনা-বুজা হৈছাঁ। তেওঁৰ বুজনিতে তোমাৰ জ্ঞান বাঢ়ি আহিছে। আৰু, তেওঁৰ যত্নতে তুমি আগলৈ জ্ঞানী আৰু মানী মানুহ হব পাৰিবাঁ। এতেকে, তেওঁক তুমি অতিকৈ মান্য কৰিবাঁ।

 ধৰ্ম্মৰ জ্ঞান দিওঁতা গুৰুও এবিধ আছে। এই গুৰু তোমাৰ এতিয়া নহব পাৰে, কিন্তু আগলৈ হব। সিবিলাকক গোসাঁই আৰু পুৰোহিত বোলা যায়। সমাজত সিবিলাকৰ বৰ মান। এতেকে, সিবিলাকক তুমি সততে মান্য কৰিবাঁ।

 পিতৃ-মাতৃৰ তলতে দদাই খুৰী, মোমাই-মাই, ককাই-বৌ, পেহা-পেহী, মহা-মাহী এনেবিলাক কুটুম্বক তুমি গুৰুজন বুলি মানিবাঁ। তোমাক আপদত পৰা দেখিলে সিবিলাকে বেজাৰ পায় আৰু,তোমাৰসম্পদ বাঢ়িলে সিবিলাকে সন্তোষ পায়। এতেকে, সিবিলাকক তুমি সদায় মান্য কৰিবাঁ।

 ওপৰত কোৱা সকলত বাজেও ভালেমান মান্যৱন্ত লোক আছে। যেনে, গাৱঁৰ বুঢ়ালোক, সমাজৰ গুৰিয়াল, ৰজাঘৰীয়া বিষয়া, গুৰুঘৰীয়া বিষয়া, পণ্ডিত-সজ্জন, উকিল-মুক্তিয়াৰ, ব্যৱসায় কৰা চহকী মানুহ ইত্যাদি। আগলৈ তুমি সেইবিলাক লোকৰে সৈতে সংসাৰত চলিব লাগিব। সিবিলাক তোমাৰ প্ৰতি সন্তুষ্ট থাকিলে তুমি সংসাৰত চলিবলৈ সুচল পাবাঁ। আৰু, সিবিলাক বিতুষ্ট হলে তুমি সংসাৰত চলিবলৈ আছল পাবাঁ। এতেকে, তুমি সিবিলাকক মান্য কৰিবাঁ।

 এই সকলোৰে উপৰি ৰজা। পৃথিবীত ৰজাতকৈ ডাঙ্গৰ