সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
অসৎ লৰা।


সি জুটি আৰু চিটিকা পাতি চৰাই ধৰে, আৰু ধুনীয়া ধুনীয়া চৰাইবোৰ অনাহকত বধ কৰে। চৰাইৰ ঠেং আৰু ডৌকা ভাঙ্গি ৰং চোৱাটো নিধিৰামৰ এটা হাতৰ কাম। সি নিতৌ এই কাম নকৰিলে তাৰ গা নুজুৰায়। ডোকা ভাঙ্গি এৰি দিয়া চৰায়ে মাটিত পৰি ধপ্ধপায়, নিধিৰামে ৰঙ্গত উৰুলিকৃত হৈ জঁপিয়াবলৈ ধৰে। ঠেং-ভগা চৰায়ে মাটিৰপৰা উধাবলৈ বিচাৰি ধুপুচ্ ধুপুচ্ কৈ পৰে, নিধিৰামে কিৰিলিয়াই হাঁহি পেঙ্গুচ্‌- পেঙ্গুচ্ কৈ খোজ কাঢ়ি দেখুৱায়! চৰাই মাৰিবলৈ নিধিৰামে চোলা-জেপত সদায় শিলগুটী ভৰাই লৈ ফুৰে। তাৰ হাতখনো বৰ ঠিক; উৰি যোৱা চৰাইকো সি দলি মাৰি বগৰাই পেলায়।

ভোবোলা ছাগ।

 নিধিৰামৰ উদ্ভণ্ডালিত ঘৰে পৰে শান্তি নোহোৱা হল। চুবুৰীয়াৰ হাঁহ, পাৰ, ছাগলী আদিয়ে তত্ নোপোৱাত পৰিল। সি ভোবোলা ছাগবিলাক ধৰি লেকাম লগাই ঘোঁৰা-উঠে, আৰু চেকুৰিব নোৱাৰিলে টিকাত এচাৰিৰে কোব ধৰে।