সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
নীতি-শিক্ষা

বাৰীত গৰু-ছাগলী দেখিলেই সি তাক ধৰি চকুত জলকীয়া দি নগুৰ-শাস্তি কৰি এৰি দিয়ে। পঢ়াশালিত অধ্যাপকে নানা শাস্তি দিও তাক গত্ লগাব নোৱাৰিলে। পাচলৈ অধ্যাপকে শাস্তি এৰি মিঠা মাতেৰে নিধিক বিবিধ বুজনি দিবলৈ ধৰিলে।

অধ্যাপক।

 অধ্যাপকৰ এটা দূৰবীণ যন্ত্ৰ আছিল; সেই যন্ত্ৰেৰে সৰু বস্তু ডাঙ্গৰ দেখা যায়, চকুৰে মনিব নোৱাৰা অকণিমান আঁচ এটিকো ফট্ফ‌টীয়াকৈ মনিব পাৰি। এদিন নিধিয়ে মাৰি পেলাই দিয়া ম’ৰা চৰাই এটা অধ্যাপকে বুটলি আনি সেই দূৰবীণৰে সৈতে তাক চাবলৈ দিলে। নিধিয়ে চকুত দূৰবীণ লগাই চাই চাই চৰাইটিৰ গুণ এই দৰে বখানিবলৈ ধৰিলে,—“আয়ৈ দেহি, চৰাইটিৰ মূৰৰপৰা নেজলৈকে কেনে যে চিক্‌চিকীয়া পাখিৰ আঁচবোৰ আছে! ফুৰ্‌ফুৰীয়া আমৰলীয়া পাখিৰে সৈতে তাৰ গাটি কেনেকৈ