এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
নীতি-শিক্ষা
দুটিক আকৌ দুটি চুমা দি ঘৰলৈ পঠিয়ালে, আৰু তেওঁ খৰি লুৰিবলৈ উলটি জোপাত সোমাল।
⸻
অসৎ লৰা।
নিধিৰাম এটা উধত্ স্বভাৱৰ লৰা। সি কাৰো হাক-বচন নামানে। সি নোজোকোৱাক জোকায়, আৰু এনা-জগৰত সমনীয়া লৰা-ছোৱালীক মাৰি-কিলাই বেজাৰ দিয়ে! বাটৰুৱা মানুহক সি কুকুৰ লগাই দিয়ে!
নিধিৰামে সৰু সৰু চৰাইবোৰক দুখ দি ভাল পায়। সি চৰাই-পোৱালি পাৰি আনি শাস্তি দি ৰং চায়।