সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
সজ লৰা


পাৰিবলৈ ধৰাত মাইকীজনীয়ে যেনেকৈ চিয়ঁৰিছে, আমাক কোনোবাই ধৰি নিব খুজিলে আমাৰ আইয়েও সেই দৰেই চিয়ঁৰিব। সেই কাৰণে, চৰাই পোৱালি পাৰিব নালাগে দেই! আহাঁ, আমি আঁতৰি যাওঁ; মাকে পোৱালিকেইটিক টোপ্খু ৱাওক।” এই বুজনি দি ককায়েকে ভায়েকক আৰু এটি চুমা দিলে। ভায়েকো ককায়েকৰ কথাত ৰং মনেৰে মান্তি হল। আৰু, দুয়ো হাতত ধৰাধৰিকৈ তাৰপৰা আঁতৰি গল।

 সেই সময়ত লৰাহঁতৰ পিতাক মনভাল মেধি জোপাটোৰ মাজত খৰি লুৰি আছিল। তেওঁ আৰৰপৰা পুতেকহঁতৰ কথা-বাৰ্ত্তা আটাইখিনি শুনি আছিল। পিচে, লৰাহঁত আঁতৰ হলত, তেওঁ ৰং-মনেৰে লৰি গৈ সিবিলাকৰ কাষ চাপিল। তাৰ পাচত, তেওঁ দুইকো দুটি চুমা দি এই বুলি কবলৈ ধৰিলে, “মোৰ সোণাইহঁত!তোমালোক দুয়োটি বৰ সজ লৰা! তোমালোকে সৌ জোপাটোৰ ওচৰত যি কথা-বাৰ্ত্তা পাতিছিলাঁ, মই আটাইখিনি শুনিলোঁ। শুনি বৰ ৰং পালোঁ। চৰাই-পোৱালি নাপাৰি বৰ ভাল কৰিলাহঁক। উলটি চোৱাঁচোন, মাকে পোৱালিকেইটিক কেনেকৈ টোপ্ খুৱাইছেগৈ! পোৱালি কেইটিয়ে খাবলৈ পাই কেনেকৈ কিৰিলিয়াইছে!তোমালোকে তেনেকৈ খুৱাব পাৰিলাহেঁতেন জানো? —কেতিয়াও নোৱাৰাঁ। বাৰু, এতিয়া ঘৰলৈ যোৱাঁগৈ তোমালোকেও মাৰাৰ ওচৰত জলপান খাই ৰংধেমালি কৰাঁগৈ।” এই বুলি মনভাল মেধিয়ে পুতেক