এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
নীতি-শিক্ষা
এনে সময়তে মণিয়ে ভায়েকৰ গালত চুমা এটি দি কবলৈ ধৰিলে, “ভাইটি! চৰাই-পোৱালি পাৰিব নাপায় নহয়? সিদিনা পিতাদেৱে কোৱা কথা তোমাৰ মনত নাই নে? বাহৰপৰা পাৰি আনিলে পোৱালিবোৰে দুখ পাব। সিহঁত খুটি-খাব পৰা নৌ হয় এখোন। মাকে টোপ্ নুখুৱালে সিহঁতে খাব নাজানে। সেই কাৰণে আমাৰ হাতত পোৱালিবোৰ খাবলৈ নাপাই মৰিব। চোৱাচোন মাইকী চৰাই জনীয়ে কেনেকৈ ৰমলিয়াইছে! আমি বাহটোৰ ওচৰ চপা দেখি তাই আপদ যেন ভাবিছে। পোৱালিকেইটা আমি নিওঁ বুলি তাই কেনেকৈ ধৰ্ফৰাব লাগিছে! আৰু, তুমি গমি চোৱাঁচোন, আমাৰ আইৰ মানত আমি যেনে, এই চৰাইজনীৰ মানত তাইৰ পোৱালিকেইটিও তেনে। তুমি পোৱালিকেইটা