সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
সজ লৰা।

সজ লৰা।

 ধনীৰাম আৰু মণিৰাম দুটি ভায়েক-ককায়েক। ধনীৰ বয়স পাঁচ বছৰ, আৰু মণিৰ বয়স সাত বছৰ। ইবিলাক দুয়োটি সজ লৰা। দুয়ো পিতাকৰ হাক-বচন শুনে; আৰু পিতাকে বেয়া বোলা কাম সিবিলাকে কেতিয়াও নকৰে। কিন্তু, বয়সত নিচেই কোমল কাৰণে ধনীয়ে পিতাকৰ উপদেশ আটাইবোৰ মনত ৰাখিব নোৱাৰে, আৰু কেতিয়াবা তেওঁৰ হাক-বচন পালোঁতে ভুল হয়। মণি বয়সত অলপ বুজন। ধনীয়ে পিতাকৰ বুজনি পাহৰিলে মণিয়ে ভায়েকৰ মনত পেলাই দিয়ে।

 এদিন দুয়োটি ভায়েক-ককায়েক পথাৰত ফুৰিবলৈ গৈছিল। সেই পথাৰৰ মাজে মাজে সৰু-সৰু গোটাচেৰেক জোপা আছিল। তাৰে এটা জোপাৰ এজুপি সৰু গছত এটা চৰাই-বাহ ধনীয়ে দেখা পালে। তাত সৰু সৰু চাৰিটি পোৱালি আছিল। পোৱালিকেইটিৰ গেঁৰপাখি গজিছিল মাথোন। পিচে, চৰাইৰ বাহ দেখি ধনীৰ মনত উলাহ লাগিল, আৰু তেওঁ পোৱালিকেইটা পাৰি আনিবলৈ মন কৰিলে। সেই সময়তে মাইকী চৰাইজনী পোৱালিক টোপ্‌ খুৱাবলৈ আহিছিল। তাই লৰাহঁতক বাহটোৰ ওচৰ চপা দেখি ৰমলিয়াবলৈ ধৰিলে। আৰু, একোবাৰ তাই বাউলী হৈ সিবিলাকৰ গাতে পৰেহি যেন হল।