এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
নীতি-শিক্ষা
জ্ঞানী লোকে এনে লৰাক ইতৰ জন্তুৰ নিচিনা বুলি হে ভাবে। এতেকে, তুমি কেতিয়াও তেনেকুৱা অধৰ্মী লৰাৰ লগ নলবাঁ। আৰু, তুমি কেতিয়াও তেনেকুৱা অজ্ঞানী লৰা নহবাঁ। কিয়নো, তুমি যেনেকৈ গাত দুখ পালে গম্ পোৱাঁ, ইতৰ জীৱয়ো তেনেকৈ গম্ পায়। আৰু, ইতৰ জন্তুৰ দুখলৈ মন নকৰা হওঁতে, তুমি তোমাৰ সমনীয়া লৰা-ছোৱালীৰ দুখলৈকো মন নকৰা হবাঁগৈ। তেতিয়া তোমাক আটায়ে দেখিব নোৱাৰা হব; আপোন মানুহেও তোমাক ভাল নাপাব। আন কি, মৰমিয়াল পিতৃ-মাতৃয়েও তোমাক আদৰ নকৰিব। পৃথিবীত এনে জীৱন ধৰাৰ সকাম নাই।
হাঁহ, পাৰ, মেকুৰী, কুকুৰ, ছাগলী, গৰু, ঘোঁৰা, ম’হ, হাতী এনেবিধৰ ভালেমান জন্তু ঘৰত পোহা তুমি দেখিছাঁ। এনেবিলাক জন্তুলৈকো মৰম থাকিব লাগে। সেই পোহনীয়া জন্তুবোৰক পেটভৰাই খাবলৈ দিব লাগে, থাকিবলৈ ভাল ঠাই দিব লাগে,