সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ইতৰ জীৱ-জন্তু।


আৰু সিহঁতক সদায় আপ্‌ডাল্‌ কৰিব লাগে। এনেকৈ আপ্ডা‌ল্ নাপালে সেই জন্তুবিলাক ভালে থাকিব নোৱাৰে। ভাল আপ্ডাল্ নাপাই ক্ষীণাই বল নাইকিয়া হলে সিহঁতক টান কামত লগাবও নালাগে। কিয়নো, তেতিয়া সিহঁতক দুখৰ উপৰি দুখ দিয়া হয়। কোনো জন্তু বুঢ়া হলেও তাক টান কামত লগাব নাপায়। গৰুৱে হালত টানিব নোৱাৰিলে তাৰ টিকাত কাঁটি লগোৱা, ঘোঁৰাই চেকুৰিব নোৱাৰিলে তাৰ গাত চাবুক মৰা, হাতীয়ে বেগ দিব নোৱাৰিলে তাৰ মূৰত আৰু কাণত খোচা-কটা

কৰা উচিত নহয়। কিয়নো, সেই নিচিনা দুখ ফুটাই কব নজনা ইতৰ জন্তুক শাস্তি দিয়াটো মৰম নাইকিয়াৰ চিন্। এইবোৰ জ্ঞান নাইকিয়া মানুহৰ হে কাম। আগলৈ গুণী, জ্ঞানী আৰু সজলোক হবলৈ হাবিয়াষ থকা লৰাই কেতিয়াও তেনেকুৱা মানুহৰ আৰ্হি নলয়।