এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২। আধ্যা।
——:○:——
ইতৰ জীৱ-জন্তু।
——:○:——
চৰাই, পখিলা, শামুক, পোক, পৰুৱা, ভেঁকুলী এনে বিধৰ ভালেমান সৰু সৰু জীৱ তুমি নিতৌ দেখিছাঁ। সিহঁতে আপোন মনেৰে চৰি ফুৰে, আৰু কাৰো একো হানি নকৰে। কিন্তু, কোনো কোনো এনে অধৰ্মী লৰা আছে যে, সিহঁতে সেই জীৱবোৰক অনাহকত দুখ দিয়ে। সেই লৰাবিলাক এনে অবোধ যে, সিহঁতে সেই জীৱবোৰ দেখিলেই অবাবত বধ কৰে আৰু, সিহঁত এনে নিমৰমিয়াল যে, সিহঁতে সেই অজান জীৱবোৰক খুচি-কাটি, ঠেং ভাঙ্গি, ডৌকা ভাঙ্গি, চিপ্জৰী লগাই নানা তৰহৰ শাস্তি দি ৰং চায়। তাকে কৰি সিহঁতে ৰং পায়, কিন্তু অজান জীৱবোৰৰ দুখলৈ গমি নাচায়। এনে মৰম-ধৰম নাইকিয়া লৰাক কেৱেঁ ভাল নাপায়। এনে লৰাক আটায়ে ঘিণ্ কৰে