পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কোটব্যবস্থা।


কিলক পাজি টাটৰি পুতিব। প্ৰদৰ প্ৰচ্ছন্ন কৰি গাত কৰি তোৰণ পতাকা দিব। ৰাত্ৰি ওলাই গৈ শত্ৰুৰ সীমা চাব। এই নিয়মে কোঁঠ কৰিব।

যাস্য়ন্ পুৰোৰক্ষ্যমনৗকবৰ্গমনেকমুখ্যেন বলং বিদধ্যাৎ।
অনেকমুখ্যস্যহিচৈকমুখ্যমনকমুখ্যং দ্বিষতামভেদ্য়ং॥

 বুদ্ধিমন্ত ৰাজাই যি ঠাইত কোঠকৰে তাৰ পৰা ওলাই ফৈদে ফৈদে প্ৰধান পুৰুষক বা মন্ত্ৰীক লগত দি স্বসৈন্যক পাঁচিব। সিহঁতে গৈ শত্ৰুৰ বলক বেঢ়িব। কতো গৈ পাচাফালে থাকিব। কতো গৈ কোপত দেখা দি তাৰ বস্তু লুটিব। ৰাজাই আপুনি সমুদ্ৰ সদৃশ হুয়া থাকিব। এই প্ৰকাৰ আচৰিলে