পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
নীতিলতাঙ্কুৰ।


অনেক মুখ্যসৈন্য এক মুখ্য সৈন্তক ভেদ কৰে। এক মুখ্য সৈন্যে অনেক মুখ্য সৈন্তক ভেদ কৰিব নোৱাৰে। তথাচ মাঘে,-

নিৰুদ্ধবীবধাসাৰপ্ৰসাৰা গাইব ব্ৰজম্।
উপৰুন্ধন্তু দাশাহাঃ পুৰী মাহিষ্মতীং দ্বিষ। মাঘ-২৬৪

 অন্যাৰ্থঃ – যাদবসকলে শিশুপালৰ মাহিষ্মতী পুৰৰ চাৰিওফালে বিবিধ হাট। ঘাট বাট আসাৰ প্ৰসাৰ গমনাগমনক নিৰুদ্ধ কৰোক। যেন গোষ্ঠত গো- সকলক গুৱালসকলে আৰৰণ কৰে তৎ। এই প্ৰকাৰ কৰিলে শত্ৰুৱে খাব নাপাই আপুনি বশ হয় শংসয়ো নাস্তি।
অপহপ্ৰকাৰঃ কোটঃ কথ্যতে,

অথাতঃ সম্প্ৰবক্ষ্যামি কোটচক্ৰমিহাষ্টধা।
স্তোকাৰিঃ কুৰুতে যত্ৰ ভূৰিসৈন্যপৰাভবং॥

 যেখন অল্প সৈন্তে বিস্তৰ সৈন্যক পৰাভৰ কৰে হেন দেখে তেখন এই অষ্টপ্ৰকাৰ কোট কৰিব।
তথাচ কথ্যতে,-

প্ৰথমং মৃন্ময়ং কোটং দ্বিতীয়ং জলকোটকং।
তৃতীয়ং গ্ৰামকোটঞ্চ চতুৰ্থং গহ্বৰং তথা॥
পঞ্চমং গিৰিকোটঞ্চ ষষ্টকোটঞ্চ ডামৰং।
সপ্তমং বক্ৰকোটঞ্চ বিষমাখ্যং তথাষ্টনং॥

 অস্য়াৰ্থঃ-প্ৰথমে মাটিগড কৰিব। দ্বিতীয়ে জল খাঐ, তৃতীয় গ্ৰামদুৰ্গ চাৰিও ফালে সৈন্য পাতি চতুৰ্থ গহ্বৰ বুলি গন্ত পতিব। পঞ্চ গিৰি বুলি উচ্চকৈ মাটিৰ ঢাপ বান্ধিব। ষষ্ঠ ডামৰ বুলি খাঐ খানিব। সপ্তম বক্ৰবুলি গোমূত্ৰাকাৰ মাটিৰ গড বান্ধিব। বিষম বুলি দলদলি কৰিব। এই অষ্ট প্ৰকাৰ কোটকে কোনোসকলৰ মতে প্ৰথমে ভিতৰৰ পৰা পাতে। কোনো- সকলৰ মতে বাহিৰৰ পৰা পাতে। দুয়ো প্ৰকাৰে বুজিব। এই শাস্ত্ৰৰ প্ৰমাণ। শাস্ত্ৰক এৰি অন্যথা নাথাকিব। অন্যথা আচৰিলে অনীতিমন্ত