পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চতুৰ্থঃ পৰিচ্ছেদঃ।

মন্ত্ৰণানীতিবিচাৰঃ।

সন্ধিৰ্নাৰ্বিগ্ৰহো যানমাসনং দ্বৈধমাশ্ৰয়ঃ॥ অমৰ—৮।১৮
ষড,গুণাঃ শক্তয়স্তিস্ৰঃ প্ৰভাবোৎসাহমন্ত্ৰজাঃ॥ অমৰ—৮।১৯
বলীয়সাভিযুক্তশ্চ নৃপোহনন্যপ্ৰতিক্ৰিয়ঃ
আপন্নঃ সন্ধিমন্বিচ্ছেৎ কুৰ্বাণঃ কালযাপনম্। কামন্দক—৯।১০

 অস্য়াৰ্থ: -ৰাজা সন্ধিমন্বিচ্ছেৎ 'কুৰ্য্য়াৎ; কিম্ভুত? আপন্নঃ আপদং প্ৰাপ্তঃ বলীয়সাভিযুক্তঃ বলিষ্ঠেন অভি সৰ্বতোভাবেন যুক্তঃ অনন্য প্ৰতিক্ৰিয়ঃ ন অন্যা প্ৰতিক্ৰিয়া যুদ্ধাদিকৰণং যস্য়॥

 সন্ধিস্তু ষোড়শবিধ -কপাল ১ উপহাৰ ১ সন্তান ১ সঙ্গত ১ কাঞ্চন ১ উপন্যাস ১ প্ৰতিকাৰ ১ সংযোগ ১ পুৰুষান্তৰ ১ আদিষ্টনৰ ১ আত্মমিষ ১ উপগ্ৰহ ১ পৰিক্ৰয় ১ উচ্ছিন্ন ১ পৰভূষণ ১ স্কন্ধোপমেয় ১ এই ষো ডশবিধকে সন্ধি বোলে। বিজিগীষুএ শত্ৰু সময় ভাব স্থিতিকে কপাল বুলি। বস্ত্ৰালঙ্কাদিক দিয়া মিত্ৰকৰণকে উপহাৰ বোলে। কন্যা দিয়া মিত্ৰকৰণকে সন্তান বোলে। সুবৰ্ণ সুৱগাৰ প্ৰায় সম্মিলন হুই নাশকৰণকে সঙ্গত বোলে। সম্পত্তি-বিপত্তি কালতো ভেদ নহে যি তাকে কাঞ্চন বোলে। একে কাৰ্য্যৰ সিদ্ধিক ভাবিয়া মিত্ৰকৰণকে উপন্যাস বুলি, অমৃতাৰ্থে দেবাসুৰবৎ। মই উপকাৰ কৰোঁ, মোকো উপকাৰ কৰিবা এই বুলি মিত্ৰকৰণকে প্ৰতিকাৰ বুলি, ৰামসুগ্ৰীবয়োৰিব। একক উদ্দেশ কৰি উভয় ৰাজাএ মিলিত হই যাত্ৰা কৰণকে সংহতো বলে সংযোগিও বোলে। আম্ৰা দুই ৰাজাৰ প্ৰধান পুৰুষ এই কাৰ্য্য়ক সাধোক এই বুলি মিত্ৰকৰণকে পুৰুষান্তৰ বুলি। শত্ৰুক যদি বলবস্ত হেন দেখে ভূমিৰ একদেশ দি মিত্ৰকৰণকে আদিষ্টনৰ বোলে। সৈন্য সন্ধানকে আত্মমিষ বলে। যুদ্ধত হাৰি শেষ প্ৰকৃতি ৰক্ষাৰ নিমিত্তে স্বৰ্ণাদিযুক্ত ভাণ্ডাৰাদি দানকে পৰিক্ৰয় বুলি। যুদ্ধত হাৰি আপোনাৰ প্ৰাণ ৰক্ষাৰ নিমিত্তে সাৰবন্ত ভূমিক এৰি